দলগাঁৱত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি, শিপিনীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত

 03/26/2023 - 16:30
 
 
 
 
 
খাৰুপেটীয়াঃ সমাগত ৰঙালী বিহু। বিহুক আদৰিবলৈ ৰাজ্যৰ চাৰিওফালে বাঢ়িছে ব্যস্ততা। বসন্তৰ পৰশত কুলি কেতেকীৰ মাতত আকৌ আহিল বহাগ। ধূলিয়াৰি প্ৰকৃতি প্ৰাণ পাই উঠিল। বৰদৈচিলাৰ আগজাননীৰ পাছত বহাগৰ প্ৰথমজাক বৰষুণৰ স্পৰ্শত গছ-লতিকাও নতুন কোহঁ মেলিলে, ফুলিছে নাহৰ, ফুলি কঁঠাল মুছি, গৰুৰ চালে মাত লগালে। হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ সমগ্ৰ ৰাজ্যৰ শিপিনীসকলৰ লগতে দৰঙৰ দলগাঁৱৰ শিপিনীসকলো ব্যস্ত হৈ পৰিছে বিহু বুলি প্ৰিয়জনলৈ ফুলিয়া গামোছা বোৱাত। গছজোপাত কপৌ ফুলৰ পোখা মেলিছে, কুলিৰ মিঠা মাতে প্ৰকৃতিক ন-ৰূপ সলনি হৈছে। বসন্তৰ আগমনত ৰঙালী বিহুৰ বাবে সাজু হৈ উঠিছে বোৱা কটা শিপিনী সকল৷ ৰঙালী বিহুৰ সময়ত প্ৰিয়জনক দিবলৈ এতিয়া তাঁত শালত গামোচা ফুল বাচিছে বোৱাৰীসকল৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।