বৰপূল্লাত পিউজ গ্ৰুপ অৱ ইনষ্টিটিউচনৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

 03/26/2023 - 19:46
 
 
 
বাহাৰঘাটঃ কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বৰপূল্লা লহকৰটোলা শ্ৰীশ্ৰী শংকৰদেৱ নামঘৰ প্ৰাংগনত আৰু শংকৰজ্যোতি যুৱক সংঘৰ সৌজন্যত পিউজ গ্ৰুপ অৱ ইনষ্টিটিউচনৰ উদ্যোগত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷ দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা শিবিৰত আঢ়ৈ শতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে৷ শিবিৰত চকু,কাণ,মেডিচিন আৰু ফিজিউথেৰাপী চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ ঔষধৰো যোগান ধৰে৷তদুপৰি ৰোগীৰ ব্লাড প্ৰেচাৰ,ব্লাড চুগাৰ,চকুৰ চানি আদি পৰীক্ষা কৰি যথেষ্ট উপকৃত কৰে৷শিবিৰত ডা°প্ৰফুল্ল চন্দ্ৰ ডেকা,ডা° এন এন শৰ্মা,ডা° হৃষিকেশ লহকৰ,অপটোমেলিষ্ট অংকুৰ কলিতা,ফিজিউথেৰাপিষ্ট অনুৰাধা শৰ্মা,জি এন এম স্বিগ্না নাথকে ধৰি কেইবাজনো স্বাস্থ্য কৰ্মী,পিউজ গ্ৰুপৰ কৰ্মকৰ্তা আৰু শংকৰজ্যোতি সংঘৰ কৰ্মী সকলে সহযোগ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।