মাৰ্ঘেৰিটাত বিহু আখৰাৰ প্ৰশিক্ষণ শিবিৰ

 03/27/2023 - 15:28
 
 
মাৰ্ঘেৰিটাঃ আজি সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটাৰ উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত পাঁচদিনীয়া বিহু কৰ্মশালা আখৰাৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। উল্লেখ্য যে আগন্তুক ১৪ এপ্ৰিল তাৰিখে অসম চৰকাৰৰ প্ৰচেষ্টাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দহ সহস্ৰাধিক বিহুৱা-বিহুবতীৰ দ্বাৰা বিহু প্ৰদৰ্শন কৰি অসমৰ বাপুতি সাহুন বিহু আৰু কলা কৃষ্টিক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ এক অভিলেখ গঢ়াৰ বৃহৎ প্ৰচেষ্টা হাতত লৈছে। আজি ভাল মাৰ্ঘেৰিটাৰ ৰঙ্গমঞ্চত পাঁচ দিনীয়া বিহু কৰ্মশালা আখৰাৰ প্ৰশিক্ষণ শিবিৰৰ পৰা বিহুৱা-বিহুবতীৰ বাচনি কৰি তিনিচুকীয়াৰ পৰা জিলা ভিত্তিত বাচনি কৰাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হোৱা একেলগে দহ হাজাৰ বিহুৱা আৰু বিহুৱতীয়ে বিহুনাচ প্ৰদৰ্শন কৰি নাম অন্তৰ্ভুক্ত কৰিব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত (Assam to attempt Guinness World Record for largest Bihu performs)। আজি এই বিহু নাচ কৰ্মশালা মাৰ্ঘেৰিটা মহকুমা চক্ৰ বিষয়া ৰুনাল নাথে ফিতা কাটি শুভ উদ্বোধন কৰে। কৰ্মশালাত মাৰ্ঘেৰিটা মহকুমা চক্ৰ বিষয়া ৰুনাল নাথ, মাৰ্ঘেৰিটা নগৰ সমিতিৰ চেয়াৰমেন আনন্দ শৰ্মা, বিধায়ক প্ৰতিনিধি দিচেন টিপমিয়া উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।