বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বাবে ৰঙিয়াত বাটৰ নাট

 03/27/2023 - 16:47
 
 
 ৰঙিয়াৰ ৰাজপথত দুই মহিলাৰ দুৰ্বাদল কাজিয়া৷ এজনীয়ে যদি লিখিত ভাষাত গালি পাৰিছে আন জনীয়ে কঠিত ভাষাত গালি পাৰিছে৷ হঠাতে এগৰাকী মহিলাৰ গিৰিয়েক আহি বুজনি দিবলৈ চেষ্টা কৰিছে৷ আচলতে এয়া হল এক বাটৰ নাট৷ বৰষুণৰ পানী কিদৰে সংৰক্ষণ কৰিব পাৰি আৰু বৰষুণৰ পানী কি কি কামত ব্যৱহাৰ কৰিব পাৰি তাক লৈ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰঙিয়াৰ সংগীত গ্ৰুপ অৱ ক্ৰিয়েছন আৰু সংগীত স্কুল অৱ ড্ৰামা অনুষ্ঠিত কৰে বাটৰ নাটখনি৷ শেহতীয়াভাৱে কেন্দ্ৰীয় জল আয়োগৰ তথ্যত ভাৰতৰ বিভিন্ন ঠাইত পানীৰ পৰিমাণ কমি যোৱা আৰু বিভিন্ন ৰাজ্য দিনক দিনে শুকানৰ পিনে আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ পাইছিল৷ সেয়েহে ৰাইজক বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে বিশিষ্ট ছবি পৰিচালক পংকজ পল্লব শৰ্মাৰ নেতৃত্বত হোৱা বাটৰ নাটখনত কেবাগৰাকীও শিল্পীয়ে আংশগ্ৰহণ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।