মানিকপুৰ: বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ ওচমানী বজাৰৰ পৰা গোলাপাৰা হৈ চাকলা-কোকিলা লৈ যোৱা ৰাস্তাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাতত নামি ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাস্তা মেৰামতিৰ দাবীত ছাত্ৰ ছাত্ৰীয়ে এইদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। স্থানীয় বিধায়ক আব্দুল হাই নাগৰী, গঢ়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰীসকলে।
বিধায়ক আব্দুল হাই নাগৰী মুৰ্দাবাদ, গঢ়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ' বেক, অসম চৰকাৰ হায় হায় আদি শ্ল'গান দিয়ে কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে। ওচমানী বজাৰৰ পৰা গোলাপাৰা হৈ চাকলা-কোকিলালৈ যোৱা ৰাস্তাৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজ তথা ছাত্ৰ ছাত্ৰীক। প্ৰায়েই এই পথটোত ছাত্ৰ ছাত্ৰী পৰি যোৱাৰ লগতে চাইকেল বা বাইক দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
স্থানীয় বিধায়ক আব্দুল হাই নাগৰীক ৰাস্তা মেৰামতি কৰিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি অনুৰোধ জনাই আহিছে যদিও তেওঁ আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপিত হৈছে।