ফকিৰাগ্ৰামৰ ময়নাৰতলত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন আৰু দোতমা বজাৰ গৃহৰ শুভ উদ্বোধন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

 03/29/2023 - 12:14
 
 
কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰামৰ ময়নাৰতলত আজি মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে। আজি আধাৰশিলা স্থাপন কৰি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে। ময়নাৰতলত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰি এক সভাও অনুষ্ঠিত কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে। উক্ত সভাত উপস্থিত থাকে ফকিৰাগ্ৰাম পৌৰ সভাৰ পৌৰপতি সুৰেন্দ্ৰ শৰ্মা, সদৌ বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়, পৰেশ চন্দ্ৰ ৰায়, জিলা খেল বিষয়া প্ৰদীপ বসুমাতাৰী, সুলতাল আলম, দিলদাৰ আলী আদিৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ। দোতমা বজাৰ গৃহৰো শুভ উদ্বোধন কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।