এজাক যুৱ শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিল ডিমৰীয়া মহাবিদ্যালয়ৰ চৌহদ

 03/29/2023 - 14:25
 
 
 
সোণাপুৰঃ এজাক যুৱ শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে ডিমৰীয়া মহাবিদ্যালয়ৰ চৌহদ। ডিমৰীয়া মহাবিদ্যালয়ৰ দেৱালসমূহত উদ্ভাসিত হৈছে বৰ্ণিল কৃষ্টি-সংস্কৃতি আৰু লোকাচাৰ। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰৱেশ পথত থকা পকী দেৱালসমূহত মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত এনেদৰে এইসকল যুৱ শিল্পীয়ে ৰং তুলিকা বোলাই সজীৱ কৰি তুলিছে চহা-গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি।দেৱালসমূহত ৰং তুলিকাত সজীৱ হৈ উঠিছে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভিন্ন-ৰঙী গামোছা। এই দেৱাল অংকণে সমগ্ৰ মহাবিদ্যালয়ত গঢ়ি তুলিছে এক বৰ্ণিল পৰিৱেশ। বিগত কেইবাদিনজোৰা প্ৰচেষ্টাৰ অন্ততঃ প্ৰায় সম্পূৰ্ণ হৈ পৰা এই বিশেষ দেৱাল অংকণসমূহ চাই এতিয়া আপ্লুত শিক্ষক-শিক্ষাৰ্থীৰ লগতে অঞ্চলবাসী।          
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।