কৰিমগঞ্জৰ চুৰাইবাড়িত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

 03/29/2023 - 16:19
 
 
কৰিমগঞ্জড্ৰাগছ আৰু গাঞ্জা সৰবৰাহৰ কৰিডোৰ হৈ পৰিছে নেকি অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ি। আকৌ পাথাৰকান্দি বিধানসভা সমষ্টিৰ চুৰাইবাড়িৰ পৰা ১ কোটি ২৭ লাখ ৫০ হেজাৰ টকাৰ গাঞ্জা জব্দ কৰা হৈছে। আৰু ত্ৰিপুৰাৰ পৰা বিহাৰৰ অভিমূখী 01AD-4522 নম্বৰৰ একন ট্ৰাকত অভিযান চলাই এই বৃহত পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুৰাইবাড়িৰ আৰক্ষী। লগতে গাঞ্জা সৰবৰাহকাৰী অমৰেশ ৰাই নামৰ ট্ৰাক চালকক আটক কৰিছে আৰক্ষীয়ে। তেখেতৰ ঘৰ বিহাৰত। আৰু ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা সৰ্বমুঠ 1275 কেজি গাঞ্জা ত্ৰিপুৰাৰ পৰা বিহাৰত সৰবৰাহৰ চেষ্টা চলাইছিল। যাৰ বজাৰমূল্য এক কোটি সাতাশ লাখ পঞ্চাশ হেজাৰ টকা বুলি আৰক্ষীয়ে জানিব দিছে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।