বাক্সাৰ বাঁহবাৰীত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

 03/29/2023 - 17:29
 
 
 
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰীৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় গেটৰ সমীপস্থিত বাঁহবাৰী দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বাক্সা জিলা জাৰ্ণেলিষ্ট ইউনিয়নৰ উদ্যোগত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশনখন আজি সামৰণি পৰে। এই উপলক্ষে আজি ৰাতিপুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কাৰ্যসূচীৰ পাছত জাৰ্ণেলিষ্ট ইউনিয়ন অফ অসমৰ সভাপতি বেদব্ৰত লহকৰৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি গীতাৰ্থ পাঠক, জাৰ্ণালিষ্ট ইউনিয়ন অফ অসমৰ কাৰ্যকৰী সভাপতি ছেমিম চুলতানা আহমেদকে ধৰি কেবাগৰাকী জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে। ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি গীতাৰ্থ পাঠকে সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত সম্প্ৰতি সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ শিথিলতাৰ ওপৰত মন্তব্য প্ৰকাশ কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।