বাক্সাৰ ফাতেমাবাদ চাহ-বাগিচাত বৃক্ষৰোপণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান

 03/30/2023 - 13:26
 
 
বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত বৃক্ষৰোপণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান। G20 জন ভাগীদাৰী অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান। অসম চৰকাৰৰ শ্ৰম কল্যান বিভাগৰ নিৰ্দেশ মৰ্মে ফাতেমাবাদ চাহ বাগিচা কৰ্তৃপক্ষই আজি বাগিচাখনৰ ভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ লগতে ছাফাই অভিযান চলায়। এই কাৰ্যসূচীত বাগিচাখনৰ শ্ৰমিকসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ছাফাই অভিযান কাৰ্যসূচীৰ জৰিয়তে ফাতেমাবাদ চাহ বাগিচা পৰিচালক ধীৰাজ বৰ্মনে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী বিদেশী পৰ্যটকে ফাতেমাবাদ চাহ-বাগিচাৰ মনোমোহা দৃশ্য উপভোগ কৰি আপ্লুত হোৱা বুলি উল্লেখ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।