শিৱসাগৰ প্ৰেছ ক্লাবত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সংবাদ মেল

 03/30/2023 - 18:50
 
 
 
উজনিৰ সমষ্টি কৰ্তনৰ চক্ৰান্ত কৰি খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ, ক্ষমতা সংকুচিত কৰাৰ চক্ৰান্ত কৰা বুলি অভিযোগ। উজনিৰ সমষ্টি কৰ্তন কৰিলেই সমগ্ৰ উজনি উত্তাল হ'ব বুলি হুংকাৰ সমষ্টি সুৰক্ষা সমিতিৰ। ২০০১ চনৰ লোকপিয়ল তথ্যৰ পৰিবৰ্তে ২০১১ চনৰ লোকপিয়ল তথ্য কিয় লোৱা নহয় বুলিও প্ৰশ্ন উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ। নিৰ্বাচন আয়োগে  গুৱাহাটীৰ ৰেডিচন ব্লুত দিহা পৰামৰ্শ গ্ৰহণ কৰিছে যদিও ইয়াৰ সমান্তৰালকৈ উজনিৰ সমষ্টি কৰ্তনৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।