বিশ্বকাপৰ বা-বতৰা

 06/18/2019 - 15:00

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ সোমবাৰৰ ২৩ সংখ্যক মেচত বাংলাদেশৰ হাতত পৰাস্ত ৱেষ্ট ইণ্ডিজ। প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৩২১ৰান সংগ্ৰহ কৰে ৱেষ্ট ইণ্ডিজে।

৪১.৩ অভাৰত ৩টা উইকেট হেৰুৱাই বাংলাদেশে ৩২২ ৰান সংগ্ৰহ কৰি জয়ী হয়। বাংলাদেশৰ বেটছমেন ছাকিব আল হাছানে ৯৯টা বলত ১২৪ ৰান সংগ্ৰহ কৰি 'মেন অৱ দ্য মেচ’ৰ খিতাপ লাভ কৰে।

বিশ্বকাপ ক্ৰিকেটৰ ২৪সংখ্যক মেচত আজি বিয়লি ৩ বজাৰ পৰা ইংলেণ্ডৰ মুখামুখি হ’ব আফগানিস্তান। মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।