লিডুৰ পাটকাই পাহাৰ পৰিদৰ্শন টাই আহোম ছাত্ৰ সন্থাৰ

 03/31/2023 - 12:24
 
 
 
 
মাৰ্ঘেৰিটাঃ উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ লিডুৰ পাটকাই পাহাৰ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বঢ়গোঁহাইৰ লগত প্ৰায় ত্ৰিশ গৰাকী সদস্যৰ এটি সজাতি দলে টিকক এন.চি. হিল্সৰ ওচৰৰ পাটকাই পাহাৰৰ বিভিন্ন অংশ পৰিদৰ্শন কৰে। তেঁওলোকে পাটকাই পাহাৰ পৰিদৰ্শন কৰি বিভিন্ন মাফিয়া তথা ভূমি বেদখলকাৰীয়ে যে পাটকাই পাহাৰৰ সেউজিয়া বন-জঙ্গল ধ্বংশ কৰি অবাধ হাৰে ভূমি দখল কৰি কৃষি কৰিবলৈ আৰম্ভ কৰাক লৈ তীব্ৰ গৰিহনা দিছে। ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লেখাপানী বন বিভাগে এই সকল দেখিও চকুমুদা কুলিৰ ভাৱ দি আছে বুলি সংগঠনটোৱে জনায়।
 
সভাপতি মিলন বঢ়গোঁহাই সংবাদ মাধ্যমৰ আগত নিজ বক্তব্যত জনায় যে টাই আহোম ছাত্ৰ সন্থা বিভিন্ন সময়ে এই পাটকাই পাহাৰত দুষ্কতিকাৰীয়ে ভূমি দখল কৰি অবৈধ কয়লাৰ ব্যবসায় চলোয়াৰ ক্ষেত্ৰত বিহিত ব্যবস্থা গ্ৰহন কৰাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনক বাৰংবাৰ আহ্বান জনাই আহিছিল। কিন্তু চৰকাৰৰ গা-লৰা দেখা নাপালে। আজিও তেঁওলোকে দেখিবলৈ পায় যে কিছুমানে অসম চৰকাৰ বন বিভাগে ৰোপন কৰা ৰবাৰ গছৰ নিচে-কাষতেই কিছুমানে বন-জঙ্গল সাফ-সিখুনল কৰি দখল কৰি চাষ-বাস কৰাৰ পৰিকল্পনা কৰিছে। তেঁও আৰু কয় যে জোনেই এই ঐতিহাসিক পাটকায় পাহাৰ দখল কৰাৰ পৰিকল্পনা কৰিছে তেঁও লোকে অতি সোনকালে এই স্থান পৰিত্যাক কৰাৰ বাবে সকিয়নি প্ৰদান কৰিছে, কিয়নো টাই আহোম ছাত্ৰ সন্থাই কেতিয়াও পাটকাই পাহাৰ ধ্বংস হবলৈ নিদিব বুলি জনায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।