গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

 03/31/2023 - 13:02
 
 
 
 
যোৱা নিশা লক্ষীপুৰৰ বান্দৰমাথা গাঁৱত বন্যহস্তীৰ বৃহৎ জাকে সন্ত্ৰাস চলাই দুটাকৈ পৰিয়ালৰ মুঠ ৬ টাকৈ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে বহু সা-সামগ্ৰী বিনষ্ট কৰে। সম্প্ৰতি গৃহহীন অৱস্থাত মুকলি আকাশৰ তলত স্থান লবলগা হৈছে দৰিদ্ৰ পৰিয়াল দুটা। অতি শীঘ্ৰেই দৰিদ্ৰ পৰিয়াল দুটাক পুনৰ সংস্থাপনৰ দাবী জনাইছে ৰাইজে। উল্লেখযোগ্যে বনৰীয়া হাতীৰ এই বৃহৎ জাকটোৱে দিনৰ ভাগত খেতি পথাৰত তহিলং কৰাৰ উপৰিও নিশাৰ ভাগত মানুহৰ ঘৰ-দুৱাৰত সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।