হাউলীৰ বি এইচ কলেজত পথ সুৰক্ষাৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ বাটৰ নাট প্ৰদৰ্শন

 03/31/2023 - 14:39

হাউলীৰ বি এইচ কলেজত পথ সুৰক্ষাৰ ওপৰত কলেজখনৰ ছাত্ৰ-ছাত্ৰীয়ে আজি এক বাটৰ নাটৰ যোগেদি সজাগতা সৃষ্টি কৰা দেখা যায়। কলেজ খনৰ অধ্যাপক ৰবীনজ্যোতি খাটনিয়াৰৰ কহিনী পৰিকল্পনা আৰু পৰিচালনাত কলেজ খনৰ চৌহদত ছাত্ৰ-ছাত্ৰী সকলে নাটখনৰ যোগেদি পথ সুৰক্ষাৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে। ছাত্ৰ-ছাত্ৰী সকলে বাইক চলাওতে যে হেলমেট পৰিধান কৰিব লাগে, ট্ৰেফিক আইন মানি চলিব লাগে সেই সম্পৰ্কে নাট খনত সুন্দৰভাৱে উপস্থাপন কৰে। উক্ত বাটৰ নাটখনত বি এইচ্ কলেজৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠক, অধ্যাপক ৰবীন জ্যোতি খাটনিয়াৰ, যান বাহন পৰিদৰ্শক পংকজ দাসৰ অভিনয়ে সকলোকে মোহিত কৰি তোলে।নাটখনৰ শেষত বৰপেটা জিলাৰ যান বাহন পৰিদৰ্শক পংকজ দাসে কয় যে, সাধাৰণতে এটা দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই দুৰ্ঘটনাটোৰ কাৰণ নাজানি ৰাইজে প্ৰশাসনৰ বিৰূদ্ধে অধিক উত্তেজিত হোৱা দেখা যায়।সেয়েহে তেখেতে সকলোকে অনুৰোধ জনায় যে প্ৰথমতে দূৰ্ঘটনাত পতিত হোৱা ব্যক্তিক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে আহ্বান জনায়।তাৰ পিছতেই কোনো আইন উলংঘা নকৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক অনুৰোধ জনায়। আজিৰ এই বাটৰ নাটখনৰ যোগেদি কলেজ খনৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ঠ উপকৃত হ'ব বুলি মত পোষণ কৰি কলেজখনৰ অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠকে অনাগত দিনত বৰপেটা জিলাৰ বিভিন্ন ঠাইত এনেকুৱা বাটৰ নাটৰ যোগেদি ৰাইজক পথ সুৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব বুলি উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।