বিলাসীপাৰা ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেল

 03/31/2023 - 18:15
 
 
বিলাসীপাৰাঃ বিলাসীপাৰা ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল সম্বোধন। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ, দুবছৰৰ কাৰাদণ্ড আৰু ৮ বছৰলৈ নিৰ্বাচনত অবতীৰ্ণ হোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতেই দেশ জুৰি সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়া। ৰাহুল গান্ধীৰ ঘটনাক লৈ আজি বিলাসীপাৰা ৰাজীৱ ভৱনত সৰ্বভাৰতীয় কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ  সংবাদমেল। সংবাদমেল মেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কেইবাটাও বিস্ফোৰণ ঘটায় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজে।
বিস্ফোৰণ নং ১। অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন দুৰ্নীতিৰ ফাইল খোলখোৱাৰ ভয়ত  কংগ্ৰেছ ত্যাগ কৰি বিজেপিত গৈছে হিমন্ত বিশ্ব শৰ্মা। ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰি বিজেপিৰ ৱাশিং মেচিনত গৈ দুৰ্নীতি মুক্ত হৈছে বহু হাইপ্ৰফাইল নেতা।বিস্ফোৰণ নং ২। "The Financial Times" ত প্ৰকাশ পোৱা মতে মোদীৰ বন্ধু আদানীৰ একাউন্টত অজ্ঞাত উৎসৰ পৰা সমোৱা ২৩ হাজাৰ কোটি টকাৰ কথা ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ জনতাক জনাৱ বিচৰাটোৱই কাল হৈছে ৰাহুল গান্ধীৰ।বিস্ফোৰণ নং ৩। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  বহু ক'লা অধ্যায় প্ৰকাশ কৰাৰ ভয়ত বিজেপিয়ে বহু পুৰণি গোচৰৰ আঁত ধৰি ৰাহুল গান্ধীৰ লগত চূড়ান্ত অন্যায় কৰিছে।বিস্ফোৰণ নং ৪। ফেচিবাদী আৰু হিটলাৰী বিজেপি চৰকাৰৰ কৰ্মকাণ্ডত সামান্যও ভয় নকৰে ৰাহুল গান্ধী আৰু সকলো কংগ্ৰেছ কৰ্মীয়ে।বিস্ফোৰণ নং ৫। অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী পদৰ পৰা ভাৰতবৰ্ষৰ জনতাই নমাই দিৱ কম শিক্ষিত আৰু অহংকাৰী নৰেন্দ্ৰ মোদীক।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।