নলবাৰীৰ সানেকুছিত বিহু কৰ্মশালাৰ সামৰণি

 03/31/2023 - 20:16
 
 
যোৱা বিশ মাৰ্চৰ পৰা ত্ৰিশ মাৰ্চলৈ সানেকুছি অম্বাপ্ৰিয়া হাইস্কুল প্ৰাংগনত এঘাৰদিনীয়াকৈ অনুষ্ঠিত হৈছিল বিহু কৰ্মশালা৷বৃহস্পতিবাৰে সন্ধিয়া সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে কপৌপাহীৰ সভাপতি গবিন্দ কলিতাই৷অনুষ্ঠানত সমাজকৰ্মী প্ৰদীপ কুমাৰ গোস্বামী,বাক্সা মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষন চন্দ্ৰ শৰ্মা,যুৱ অভিনেতা শান্তনু বৰুৱা,অৱসৰি শিক্ষক গিৰীশ চক্ৰৱৰ্তী আদিকৰি কেইবাজনো বিশিষ্ট লোক আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।