ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি, যোগ টেক্সটাইলৰ শিপিনীসকলো ব্যস্ত কাপোৰ বোৱাত

 04/02/2023 - 15:41

 

সমাগত ৰঙালী বিহু। ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে প্ৰস্তুতি। যোগ টেক্সটাইলৰ শিপিনী সকল এতিয়া ব্যস্ত গামোচা, পাত মোগাৰ কাপোৰ বোৱাত। লগতে প্ৰস্তুত কৰিছে শিশুৰ বাবে বিহুৰ পোচাক। ১০ বছৰৰ পূৰ্বে শিৱসাগৰৰ উদ্যামী ব্যৱসায়ী তুলতুল সন্দিকৈয়ে দৰিকাপাৰৰ নাওজান গাঁৱত স্থাপন কৰিছিল যোগ টেক্সটাইল নামৰ এটি থলুৱা কাপোৰৰ উদ্যোগ। উন্নতমানৰ অসমীয়া সাজপোচাক তৈয়াৰ কৰি অহা যোগ টেক্সটাইলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশলৈও মুগাৰ সাজপোচাক ৰপ্তানি কৰি সমাদৰ লাভ কৰিছে। বৰ্তমান তুলতুল সন্দিকৈৰ যোগ টেক্স টাইলত ৩০ গৰাকী শিপিনীয়ে সংস্থাপন লাভ কৰি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।