বাক্সাৰ বাৰাপেটাত বিহু নাচ কৰ্মশালা

 04/03/2023 - 13:05
 
 
বাক্সাৰ বাৰাপেটাত আৰম্ভণি ৬ দিনীয়া বিহু নাচ কৰ্মশালা৷ বাৰাপেটা দৌল মন্দিৰ প্ৰাংগণত আয়োজিত কৰ্মশালাত প্ৰায় ৫০ গৰাকী নাচনীৰ অংশগ্ৰহণ৷ মধ্য বাৰাপেটা ক্লাৱ এণ্ড লাইব্ৰেৰীৰ উদ্যোগত আৰু মানাহ পৰীয়া সাংস্কৃতিক গোষ্ঠীৰ সহযোগত আয়োজন কৰা হৈছে এই কৰ্মশালাৰ৷ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সময়চোৱাতে বাক্সাৰ ভিতৰুৱা অঞ্চল বাৰাপেটাত সদলবলে ওলাই আহিছে নাচনী-ঢুলীয়া৷ বাপোতিসাহোন ৰঙালী বিহুক আদৰাৰ প্ৰাকক্ষণত বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত বহুসংখ্যক বিহুৱা-বিহুৱতীৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।