মঙলদৈ: উদুলি-মুদুলি নামঘৰৰ পদূলী। নিমন্ত্ৰিত অতিথিৰে ভৰি পৰিছে গাঁৱৰ নামঘৰ চৌহদ। মানুহ আহিছে গৈছে। চলিছে অভ্যৰ্থনা। পিছে এয়া কোনো ডেকা-গাভৰুৰ বিয়া নহয়। এয়া হৈছে নিজ সন্তানৰ সন্মুখত মাক-দেউতাকৰ বিয়া। প্ৰেম বলিয়া ডেকাই ছোৱালী পলুৱাই নি ঘৰৰ বোৱাৰী কৰাতো নতুন ঘটনা নহয়। সমাজত এনেবোৰ ঘটনা হৈয়ে থাকে। পিছে পলুৱাই নি ঘৰৰ বোৱাৰী কৰাৰ ক্ষেত্ৰত ঠাই বিশেষে সমাজত ইয়াৰ শাস্তিও বেলেগ বেলেগ। ঠাই বিশেষে ইয়াৰ শাস্তি হিচাপে যদি সমাজে এঘৰীয়া কৰে আকৌ কোনো কোনো অঞ্চলত সামাজত আঠু নল'লে ই পৰৱৰ্তী সময়ত তেনে দম্পতীৰ ল'ৰা-ছোৱালী বিয়াত বহিব নোৱাৰাৰ দৰে কঠিন পৰিস্হিতিৰো সন্মুখীন হ'ব লাগে।
সেয়ে ডেকা কালৰ ভূলৰ পৰাচিত হিচাপে ৰাইজ আৰু নিজ সন্তানৰ সন্মুখত বুঢ়া বয়সতো সামাজিকভাৱে বিয়াত বহিব লাগে। তেনে বুঢ়া বিয়াৰ পৰম্পৰা দৰঙৰ নিজ দলগাঁও গাৱঁত অতীজৰেপৰা চলি আহিছে। নিজ সন্তানৰ সন্মুখত চাৰিহাল মাক-দেউতাকৰ সমূহীয়া বিবাহ সম্পন্নৰ পাছত সমাজত স্হান লাভ কৰা দৰা-কইনাই আনন্দত নৃত্যও কৰিলে।