কলগাছিয়াৰ জুপিটাৰ মডেল একাডেমী, বনঘূগীৰ দ্বাৰ মুকলি ও শুভ আৰম্ভণি

 04/03/2023 - 17:55
 
 
কলগাছিয়াঃ গুণগত শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে অভিজ্ঞ শিক্ষক-শিক্ষয়ত্ৰীৰ দ্বাৰা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত অসমীয়া মাধ্যমৰ জুপিটাৰ মডেল একাডেমীৰ শুভ উদ্বোধনী কৰা হয়।এই সমাজ খনত অসমীয়া মাধ্যমৰ শৈক্ষিক জ্ঞানৰ লগতে গীত মাত নাচ গানৰ আৰু অঞ্চলৰ উন্নতিৰ বাবে পৰম্পৰাগত সাংস্কৃতি সমল সমূহক বুটলি আনি দিয়াৰ বাবে জুপিটাৰ মডেল একাডেমীয়ে। বহুতো কাৰ্য কলাপৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে মুকলি সভাৰ আয়োজন কৰা হয়। জুপিটাৰ মডেল একাডেমীৰ দ্বাৰ উন্মোচন কৰে আলহাজ ওৱাছেৰ আলী,সভা পৰিচালনা কৰে আবু শামা আহমেদে। ইয়াৰ উপৰিও উপস্থিত থাকে পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিম, ৰামপুৰ হাইস্কুলৰ অৱক্ষৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছাইদুৰ ৰহমানৰ লগতে ২৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ৫ শতাধিক অভিভাৱক  ছাত্ৰ-ছাত্ৰী ৰাইজ উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.