নাৰায়ণপুৰ অঞ্চলৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ধলপুৰ শিশু বিদ্যা নিকেতনৰ পাঠদান কাৰ্যসূচীৰ আজি শুভাৰম্ভণি

 04/03/2023 - 18:51
 
 
নাৰায়ণপুৰঃ ধলপুৰস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আজিৰেপৰা নতুন শিক্ষানীতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩-২৪ শিক্ষাবৰ্ষৰ অধীনত পাঠদান কায্যসূচীৰ আজি শুভাৰম্ভণি কৰা হয়।পুৱাৰে পৰা বিভিন্ন মাংগলিক কাৰ্যসূচীৰে আৰু নীতি-নিয়মৰ মাজেৰে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক মিলিত হৈ আজি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
উক্ত অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে ধলপুৰ অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।উল্লেখ্য যে এই বিদ্যালয় খনৰপৰাই কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন দিশত বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্য্যায়ত বঁটা গ্ৰহণ কৰাৰ লগতে নাৰায়ণপুৰ অঞ্চললৈ প্ৰশংসা বুটলি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
 
 
 
 
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.