প্ৰতি সপ্তাহৰ মঙলবাৰে দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান

 04/04/2023 - 16:39
 
 
পৰ্যটকৰ বাবে বন্ধ ঘোষণা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। প্ৰতি সপ্তাহৰ মঙলবাৰে দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। অহা ১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি সপ্তাহৰ মংগলবাৰে সকলো পৰিৱেশ পৰ্যটন কাৰ্যকলাপৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। এখন জাননী যোগে এই কথা সদৰি কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।