যোৰাবাট আৰক্ষীৰ অভিযান

 04/04/2023 - 17:00
 
 
কামৰূপ মহানগৰ জিলাৰ যোৰাবাট আৰক্ষীৰ জালত বাইক চোৰৰ গেং। যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই আটক কৰা বাই চোৰ তিনিজন হ'ল চেংৰাগ চাংমা, জেমচন মাৰাক আৰু মুকেশ চাংমা। উক্ত চোৰ তিনিজনৰ সৈতে দুখন চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যোৰাবাট আৰক্ষী। উল্লেখ্য যে পূৰ্বে ধৃত বাইক চোৰৰ স্বীকাৰক্তিৰ ভিত্তিত অভিযান চলাই মেঘালয়ৰ গাৰো হিলছৰ পৰা আটক কৰে বাইক চোৰ কেইজনক। সম্প্ৰতি ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত আছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।