খাৰুপেটীয়াত আটক চাৰি জুৱাৰী, অশোকাষ্টমী মেলাৰ সুযোগত চলাইছিল জুৱা খেল

 04/04/2023 - 17:12
 
 
 
খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া অশোকাষ্টমী মেলাৰ সুযোগ লৈ একাংশই চলাই আছিল বিভিন্ন ধৰণৰ জুৱা খেল। এই সকলৰ বিৰুদ্ধে খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহাদেৱ হীৰাৰ নেতৃত্বত চলোৱা এক অভিযানত মেলাঘাটৰ পৰা আটক হয় চাৰি জুৱাৰী৷ জুৱা খেল চলি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই নগদ ৩,৪০০ টকা আৰু জুৱা খেলৰ বিভিন্ন সামগ্ৰীৰ সৈতে আটক কৰে নুৰ ইছলাম, সঞ্জয় পাল, ছুকুৰ আলী আৰু ৰফিকুল ইছলাম নামৰ চাৰি জুৱাৰীক৷ আটকাধীন চাৰিওকে আজি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।