সমাগত হেঁপাহৰ ৰঙালী বিহু, দৈ বিক্ৰেতাসকলৰ মাজতো বাঢ়িছে ব্যস্ততা

 04/06/2023 - 12:46
 
 
 
সমাগত ৰঙালী বিহুক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যবাসী৷সমান্তৰালকৈ দৈ বিক্ৰেতাসকলৰ মাজতো বাঢ়িছে ব্যস্ততা৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কাহিতামাৰ দৈ বিক্ৰেতা দুৰ্যোধন দাসেও সোৱাদপূৰ্ণ দৈৰ যোগান ধৰিবলৈ হৈ পৰিছে তৎপৰ৷দুৰ্যোধন দাসে প্ৰতি বছৰে বিহুৰ বাবে বিয়া, বিহু ইত্যাদিৰ বাবে কুইণ্টলে কুইণ্টলে যোগান ধৰিব লগা হয় মহৰ উৎকৃষ্ট দৈ৷এইবাৰো ৰাইজৰ চাহিদা পূৰাবৰ বাবে কুইণ্টলৰ হিচাপত মহৰ উৎকৃষ্ট দৈ সাজু কৰি তুলিছে বিক্ৰেতাগৰাকীয়ে৷বিগত প্ৰায় ৪২ টা বছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বিক্ৰেতা গৰাকীয়ে যোগান ধৰি আহিছে বাঁহৰ চুঙাৰ উৎকৃষ্ট মহৰ দৈ৷কিন্তু উপযুক্ত সা সুবিধাৰ অভাৱৰ বাবে চৰকাৰৰ সামান্য সহযোগীতা আশা কৰিছে বয়োজেষ্ঠ দৈ বিক্ৰেতাগৰাকীয়ে
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।