গুণোৎসৱৰ পাছত আজিৰে পৰা ৰাজ্যত আৰম্ভ স্বাস্থ্যসেৱা উৎসৱ

 04/06/2023 - 16:33
 
 
কলগাছিয়াঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য প্ৰতিষ্ঠান সমুহৰ মূল্যাঙ্কনৰ বাবে আজিৰে পৰা ৰাজ্যৰ ২১ খন জিলা হাস্পাতাল, ১৬ খন মহকুমা চিভিল হাস্পতাল, ২০৫ খন সমূহীয়া স্বাস্থ্যকেন্দ্ৰ, ১০১০ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ১২৫২ খন স্বাস্থ্য প্ৰতিষ্ঠানত ৬ ৰ পৰা ৮ এপ্ৰিললৈ স্বাস্থ্য সেৱা অনুষ্ঠিত কৰিছে চৰকাৰে। আজি কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎস্যালয়ত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠান হয়। চিকিৎসালয় খনত পৰ্য্যাবেক্ষক হিচাপে ভাৰতীয় প্ৰশাসনিক বিষয়া তথা সচিব, জনজাতীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিষয়া বিনীতা পেগু, বৰপেটা মুখ্য কাৰ্য্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, প্ৰফেচাৰ বিভূতি ভূঞা উপস্থিত থাকি পৰ্যবেক্ষণ কৰে। চিকিৎসালয় খনত ৰোগীৰ ভীৰ দেখি ব্লাড বেংক আৰু আই চিউৰ অভাৱ দেখা বুলি কয় পৰ্য্যাবেক্ষকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।