মাৰ্ঘেৰিটাৰ লিডুত হনুমান জয়ন্তী পালন

 04/06/2023 - 18:50
 
 
মাৰ্ঘেৰিটাঃ আজি হনুমান জন্ম উৎসৱ। পৱনপুত্ৰ হনুমানৰ আজি জন্ম দিৱস। সমগ্ৰ ভাৰতবৰ্ষ, উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত আজি হনুমান জয়ন্তী পালন কৰা হৈছে। উজনি অসমতো প্ৰতিখন জিলাত হনুমান জয়ন্তী পালন কৰাৰ বাতৰি পোৱা গৈছে।আৰু কোনো গুণে পিছ পৰি ৰোৱা নাই তিনচুকীয়া জিলা।আজি লিডু শ্ৰী ৰাম মন্দিৰ সমাৰোহ সমিতিৰ তিনচুকীয়া জিলা সমিতিয়ে বেছ উলহ-মালহেৰে বিভিন্ন কাৰ্যসূচী পালন কৰাৰ লগতে লিডু বজাৰ ঠাকুৰবাড়ী স্থিত ৰাম মন্দিৰৰ প্ৰাঙ্গনৰ পৰা সমগ্ৰ অঞ্চলখন সহস্ৰাধিক লোকে এক বিশাল শোভাযাত্ৰাৰে পৰিভ্ৰমণ কৰে। পুৱাৰ পৰা মন্দিৰ প্ৰঙ্গনত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।