অবৈধ প্ৰেমঃ নলবাৰীৰ দকোহাত হত্যাকাণ্ড

 03/15/2019 - 13:42

নলবাৰীঃ নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী থানাৰ অন্তৰ্গত দকোহাত এক হত্যাকাণ্ড সংঘটিত হয়। দকোহা গাঁৱৰ হৰিচৰন দাসক(৬০) পত্নী জোনালী দাসে অবৈধ প্ৰেমিক হেৰাম্ব দাসৰ সৈতে লগ হৈ যোৱা নিশা হত্যা কৰাৰ অভিযোগ উঠিেছ। উক্ত ঘটনাক কেন্দ্ৰ কৰি নিশা দকোহা গাঁৱত এক চাঞ্চল্যৰ সৃষ্টি হয়।

ইতিমধ্যে কমাৰকুছি আৰক্ষীয়ে হত্যাকাৰী পত্নী জোনালী দাস আৰু অবৈধ প্ৰেমিক হেৰাম্ব দাসক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। হেৰাম্ব দাসৰ ঘৰ নলবাৰীৰ সোনপুৰত। বৰ্তমানক দুয়োজনকে নলবাৰী সদৰ থানাত ৰখা হৈছে। দীৰ্ঘদিন ধৰি দুয়োজনৰ মাজত অবৈধ প্ৰেম আছিল বুলি স্থানীয় লোক তথা হৰিচৰন দাসৰ আত্মীয়ই জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।