06/18/2019 - 15:11
in
টীয়ক: সোমবাৰে নিশা ৯ বজাত যোৰহাট জিলাৰ টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা মুদৈজান দলঙত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ যোৰহাট অভিমুখী AS-04-E-6935 নম্বৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে মুদৈজান নদীত৷ চালকসহ এজন আৰোহী কথমপিহে প্ৰাণৰক্ষা পৰে দুৰ্ঘটনাটোত৷ উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত হ'ব পৰা দলঙৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে উল্লেখ কৰি ভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছিল যদিও আজিপৰ্যন্ত কেইখনমান দলং মেৰামতি কৰিয়েই দায়িত্ব সামৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই৷
দলঙৰ ৰেলিং নথকা আৰু পথৰ দুৰৱস্হাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ কৰিছে স্হানীয় ৰাইজে৷