বৰখালা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্যসেৱা উৎসৱ

 04/06/2023 - 19:48
 
 
ৰাজ্যত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ৷ শিক্ষা বিভাগৰ গুনোৎসৱৰ পিচত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে উক্ত স্বাস্থ্য সেৱা উৎসৱ দেশৰ ভিতৰতে পোন প্ৰথমে আৰম্ভ কৰিছে৷ উক্ত উৎসৱৰ জৰিয়তে সামগ্ৰীকভাৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীত কৰণ আৰু জনসাধাৰণক গুনগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ লক্ষ্য থিক কৰিছে৷ উল্লেখ্য যে আজি ৰাজ্যৰ অন্যন্যা প্ৰান্তৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰখালা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হয়৷আজি চিকিৎসালয় খনত দুগৰাকী পৰ্য্যবেক্ষক নিৰিক্ষক হিচাবে উপস্থিত থাকি আন্তঃগাঁথনিকে ধৰি সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।