বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

 04/06/2023 - 20:11
 
 
বটদ্ৰৱাঃ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰূদ্ধে এজাহাৰ দাখিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। তাজমহলৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে এই এজাহাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সাম্প্ৰদায়িক মন্তব্যৰে সম্প্ৰীতিত বিষবাষ্প বিয়পোৱাৰ অভিযোগ সংগ্ৰাম পৰিষদৰ। বিজেপি বিধায়ক হোৱাৰ বাবেই ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আইনী ব্যৱস্থা নোলোৱাৰ অভিযোগ সংগ্ৰাম পৰিষদৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।