চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে মৰিগাঁও আৰক্ষীৰ অভিযান

 04/07/2023 - 14:02
 
 
 চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে মৰিগাঁও আৰক্ষীৰ অভিযান৷ এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত মিকিৰভেটা আৰক্ষীৰ সহযোগত চলাই অভিযান৷ মিকিৰভেটা চাৰিআলিৰ সমীপৰ পৰা আটক চাৰি চাইবাৰ অপৰাধীক৷ অভিযান কালত আৰক্ষীৰ দলটোৱে ৩৮৬ খন Central Bank of Indiaৰ ATMকাৰ্ড জব্দ কৰাৰ লগতে নগদ ৪০,৯২৫ টকা,৫টা ম'বাইল ফোন,২টা কেলকোলেটৰ আৰু এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত বাহনখনৰ নম্বৰ AS01EY7385 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।