ডা০ পাৰ্থপ্ৰতীম বেজবৰুৱালৈ ৰাজহুৱাভাৱে একাজলি শ্ৰদ্ধাঞ্জলি

 04/09/2023 - 18:46
 
 
 
 
কামৰূপ জিলাৰ হাজো সমষ্টিৰ বাৰাংহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়পোট গাওঁৰ মেধাবী ছাত্ৰ তথা চিকিৎসক প্ৰয়াত ডা°পাৰ্থপ্ৰতীম বেজবৰুৱালৈ আজি জন্ম গাঁৱৰ দৌলগোবিন্দ মন্দিৰ প্ৰাংগনত ৰাজহুৱা ভাবে একাজলি শ্ৰদ্ধাঞ্জলি জনাই৷ গড়পোট শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজা মন্দিৰ সমিতি,শ্ৰীশ্ৰী দৌলগোবিন্দ মন্দিৰ সমিতি আৰু গড়পোট জয়হিন্দ সংঘৰ সমন্বিত উদ্যোগত দৌল গবিন্দমন্দিৰ প্ৰাংগনত আয়োজিত একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্য্যসূচীৰ লগতে ভাগৱত পাঠ অনুষ্ঠিত কৰে৷উল্লেখ্য যে যোৱা ২৬ মাৰ্চত ভয়ংকৰ পথ দুৰ্ঘটনাত ডা°পাৰ্থপ্ৰতীম বেজবৰুৱাৰ মৃত্যু হোৱা বাতৰিয়ে অঞ্চলজুৰি শোকাবিহ্বল কৰি তুলিছিল৷ দুৰ্ভাগ্যজনক কথা যে অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ২০১৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান প্ৰাপ্ত, আৰু ডিব্ৰুগড় অসম মেডিকেল কলেজৰ পৰা এম বি বি এছ উত্তীৰ্ণ হৈ ইন্টাৰ্নশ্বিৱৰ শেষৰ দিনটোত মৃত্যু মুখত পৰে যুৱ চিকিৎসক ডা°বেজবৰুৱা৷ আজি তেওঁৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিয়ালৰ লগতে সমূহ গাওঁবাসী,তথা স্থানীয় দল সংগঠনৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাই৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।