কৰৰ্দৈগুৰিত ড্ৰাগছৰ বিৰুদ্ধে শতাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

 04/10/2023 - 19:03
 
 
ড্ৰাগছে চানি ধৰিছে সমগ্ৰ ৰাজ্য। গাঁৱে-ভূঞে এতিয়া ড্ৰাগছৰ অবাধ ৰমৰমীয়া বেহা। ড্ৰাগছৰ কৱলত পৰি পংগু হৈছে উঠি অহা প্ৰজন্ম। ড্ৰাগছৰ অবাধ প্ৰচলনত অতিষ্ঠ হৈ অৱশেষত প্ৰতিবাদত নামিছে ৰাইজ। তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত কৰৰ্দৈগুৰিত গাঁৱত সূৰুয মুখি যুৱ সংঘ, ২নং হতিহাল যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগ ড্ৰাগছ আৰু কানি বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই ।অঞ্চলটোত অবাধ হাৰত বৃদ্ধি পোৱা ড্ৰাগছ আৰু কানীৰ প্ৰচলনৰ বিৰুদ্ধে যুৱ সংঘৰ উদ্যোগত শতাধিক পুৰুষ-মহিলাৰ অংশ গ্ৰহণত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ ড্ৰাগছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। ড্ৰাগছৰ বিৰুদ্ধে স্থানীয় আৰক্ষীৰ ভূমিকাক লৈয়ো ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে, বৃহত্বৰ কৰদৈগুৰি অঞ্চলত ড্ৰাগছৰ অবাধ তথা ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.