মাৰ্ঘেৰিটাত বিহু কৰ্মশালাৰ সফল সামৰণি

 04/11/2023 - 12:51
 
 
মাৰ্ঘেৰিটাঃ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী। হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যবাসীয়ে ব্যাপক প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে বিহু কৰ্মশালা সমূহত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে। চৌদিশে কেৱল ঢোল পেঁপাৰ গুমগুমনি। সমান্তৰালকৈ তিনচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমকিল্লা ভিতৰপাৱৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত মাকুমকিল্লা সমন্বয় যুৱ সংঘৰ উদ্যোগত আৰু ভিতৰপাবৈ ৰাইজৰ সৌজন্যত ১৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুৰ কৰ্মশালাৰ আজি সামৰণি পৰে। আজি অন্তিম দিনা প্ৰায় ১০০জনিয়া কণ কণ ছাত্ৰীসকলে সুন্দৰকৈ বিহু নাচ প্ৰদৰ্শন কৰিলে। বিহু অহাৰ উমান দি সকলোতে ফুলিছে কপৌ, নাহৰ, কেতেকী৷ বিহু সন্মিলন সমূহত অংশগ্ৰহণ কৰাৰ লগতে অসমীয়াৰ কৃষ্টি-সংস্কৃতি নতুন প্ৰজন্মক শুদ্ধভাৱে শিকোৱাৰ উদ্দেশ্যেৰে এই কৰ্মশালা সমূহত কণ কণ ল'ৰা-ছোৱালীৰ পৰা যুৱক-যুৱতীলৈকে বহুতকে মানৱজ্যোতি নেওগ আৰু সহযোগীসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই কৰ্মশালাত বিহু নাচ, হুঁচৰি, ঢোল বাদন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ এনেদৰেই এতিয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাত চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.