লাবুমণি হৈছে 'ৰাঘৱ'ৰ চেলছমেনঃ ডিম্পু-আচাম জেটৰ মাজত কিয় এই কাজিয়া!

 10/30/2023 - 22:03
ডিম্পু-আচাম জেটৰ মাজত কাজিয়া!

ডিজিটেল ডেস্কঃ ৰাঘৱ মুক্তি পালে। ছবিখনৰ নাম ঘোষণা হোৱাৰ পাছৰে পৰা আজিৰ দিনলৈকে বিৰ্তকই লগ এৰা নাই যতীন বৰাৰ সপোনৰ ছবি ৰাঘৱক। ৰাজনৈতিক বিভিন্ন বিষয় টানি আনি একাংশই ৰাঘৱ চাব নালাগে বুলি যুক্তি দিয়াৰ পৰিৱৰ্তে আন একাংশই ছবি আৰু ৰাজনীতি একাকাৰ কৰিব নালাগে বুলি মতপোষণ কৰিছে। সেয়া যি কি নহ'লেও ৰাঘৱ এতিয়া অসমত পূৰ্ণদমে চৰ্চাত আছে। 

যতীন বৰাৰ ৰাঘৱৰ বাবে শেহতীয়াকৈ অসমৰ দুই ইউটিউবাৰৰ মাজত তীব্ৰ এক অৰিয়াঅৰিৰ সৃষ্টি হৈছে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু আসাম জেট খ্যাত লাবুমণি আমচঙৰ মাজত এই অৰিয়াঅৰিৰ সৃষ্টি হৈছে। নাম নোলোৱালৈ ইউটিউবাৰ লাবুমণিয়ে ডিম্পু বৰুৱাক ভৱিষ্যতে দেখা যাব বুলিও আওপকীয়াকৈ সকিয়নী প্ৰদান কৰিছে।

এতিয়া প্ৰশ্ন হয়,  লাবুমণি আৰু ডিম্পু বৰুৱাৰ মাজৰ এই অৰিয়াঅৰি কিয় সৃষ্টি হৈছে! দৰাচলতে ৰাঘৱৰ প্ৰিমিয়াৰ শ্বৰ দিনা যতীন বৰাই বচা বচা একাংশ লোকক আমন্ত্ৰণ কৰিছিল। সেই প্ৰিমিয়াৰলৈ আমন্ত্ৰণ পাইছিল ডিম্পু বৰুৱা, লাবুমণি আমচং, বিকাশ চেত্ৰীৰ দৰে অসমত জনপ্ৰিয় ইউটিউবাৰে।  এগৰাকী ইউটিউবাৰৰ বিশেষ এক প্ৰশ্নত ডিম্পুয়ে লাবুমণিক চেলছমেন আৰু প্ৰচাৰ সম্পাদক বুলি ধেমেলীয়াকৈ কটাক্ষ কৰে। ইয়াৰ পাছতে আৰম্ভ হয় এই অৰিয়াঅৰি।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাঘৱৰ প্ৰচাৰত অতিকৈ সক্ৰিয়ভাৱে নামি পৰা লাবুমণি আমচঙক পূৰ্বেও নেটিজেনসকলে সামাজিক মাধ্যমত তীব্ৰ কটাক্ষ কৰা দেখা গৈছিল। ইয়াৰ মাজতে লাবুমণিক ডিম্পু বৰুৱাই চেলছমেন বুলি কোৱাৰ পাছতে খঙৰ বহিঃপ্ৰকাশ ঘটে লাবুমণিৰ। লাবুমণিয়েও ডিম্পু বৰুৱাক সময়লৈ অপেক্ষা কৰিবলৈ একপ্ৰকাৰৰ সকিয়নী প্ৰদান কৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।