আহি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ ওপৰত আধাৰিত হিন্দী ধাৰাবাহিক

 06/18/2019 - 15:40

কাকপথাৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আত্মজীৱনীৰ ওপৰত নিৰ্মিত এখন ধাৰবাহিকৰ কাম পূৰ্ণগতিত চলিছে ডিব্ৰুগড় জিলাৰ জকাইত৷ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৈষ্ণৱ ধৰ্মৰ হৰি নামঘৰত বোলছবি তথা অভিনয় জগতৰ প্ৰশিক্ষনৰ কেন্দ্ৰস্থলী দক্ষিণ ভাৰতৰ চেন্নাইৰ লগতে মুম্বাইৰ খ্যাতিসম্পন্ন অভিনেতা, কেমেৰামেন, ছবি নিৰ্মাতাৰ প্ৰচেষ্টাত আগবাঢ়িছে ধৰাবাহিকখনৰ নিৰ্মাণ কাৰ্য৷ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ভাষা হিন্দীলৈ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনীৰ ওপৰত অনুবাদিত ধাৰাবাহিক প্ৰচাৰ কৰাৰ অনুমোদন আগৱঢ়াইছে ডি ডি দূৰদৰ্শনে৷

’মাক্ৰাৰী এন্টাৰটেইন্টমেন নে’টৱৰ্ক প্ৰাইভেট লিমিটেড’ৰ অৰুণ প্ৰভা চেনেলৰ বেনাৰত নিৰ্মিত ধাৰাবাহিকখন ডিব্ৰুগড় জিলাৰ জকাই অঞ্চলৰ সহজ সৰল চহা কৃষকৰ কেউখন গাঁৱত যোৱা ২৮ মে’ৰ পৰা ছবি গ্ৰহণৰ ভিডিঅ’ ৰেকৰ্ডিংৰ কাম পূৰ্ণগতিত অব্যাহত ৰাখিছে ৷ শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিছে হিন্দী ধাৰবাহিক ‘ঔম নমঃ শিৱায়’ৰ জনপ্ৰিয় অভিনেতা বোম্বাইৰ হৰ্ষৱৰ্দ্ধন ৰাণাৰ বিপৰীতে অভিনেতা নিলিম দত্তই মাধৱদেৱৰ চৰিত্ৰত অভিনয় কৰা ধাৰাবাহিকখনৰ পৰিচালনাৰ দায়িত্বত আছে দক্ষিণ ভাৰতৰ জীয়ৰী তথা পৰিচালক মায়া ছেঞ্জি দাস৷

মামনী বৰা মাক্ৰাৰীৰ প্ৰযোজনাত নিৰ্মিত ধাৰাবাহিকখনত নৰনাৰায়ৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৰা, চিলাৰায় চৰিত্ৰত প্ৰধান দেউৰী, খেৰসুঁতী চৰিত্ৰত আছে চলচ্চিত্ৰ অভিনেত্ৰী ৰীণা বৰা৷ ধাৰাবাহিকখনৰ কাহিনী ভাগৰ ব্যৱস্থাপনাত আছে ড° সঞ্জিৱ বৰকাকতি৷ মায়া ছেঞ্জি দাসে জানিব দিয়া মতে মহাপুৰুষ দুজনাৰ ওপৰত নিৰ্মিত ধাৰাবাহিকখন ১৩ টা খণ্ডত প্ৰচাৰ অনুমতি প্ৰদান কৰিছে দূৰদৰ্শন কৰ্তৃপক্ষই৷ ইতিমধ্যে অসমৰ বিভিন্ন ভিতৰুৱা গাঁৱৰ হৰিনাম ঘৰ আৰু নদ-নদীত ছবি গ্ৰহণৰ কাম সম্পন্ন কৰা হৈছে ৷

শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তাৰিত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজিৰ হৰিনামৰ তাৎপৰ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ ক্ষেত্ৰখনক এই হিন্দী ধাৰাৱাহিকখনত উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি মায়া ছেঞ্জি দাসে জানিবলৈ দিছে৷ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ শীৰ্ষক আৰু মাধৱদেৱৰ নামঘোষা অসমীয়া ভাষাৰ পৰা হিন্দী আৰু ইংৰাজীলৈ অনুবাদ কৰি সমাদৰ লাভ কৰা মায়া ছেঞ্জি দাসে কয় যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আত্মজীৱনীৰ ওপৰত হিন্দী ধাৰাৱাহিকখন নিৰ্মাণৰ বাবে ২ টা বছৰৰ প্ৰস্তুতি অৱশেষত সফল সমাপ্তি হোৱাৰ দিশত৷

উল্লেখ্য যে উজনি অসমৰ ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ বহু নতুন মুখৰ শিল্পীয়ে মায়া ছেঞ্জি দাসৰ পৰিচালনাত নিৰ্মিত মহাপুৰুষ দুজনাৰ ধাৰাবাহিকখনত অভিনয়ৰ সুযোগ লাভ কৰিছে৷ জকাই অঞ্চলৰ ভকত-বৈষ্ণৱসকলে মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি আৰু আত্মজীৱনীৰ ওপৰত নিৰ্মিত হিন্দী অনুবাদিত ধাৰাবাহিক চিৰিয়েলখন নিৰ্মাণৰ কাৰিকৰী দিশত পূৰ্ণ সহযোগিতা লাভ কৰা বুলিও মায়া ছেঞ্জি দাসে জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।