৫০বছৰতো দেখাত ২১ঃ HSত ৯০শতাংশ নম্বৰ লৈ পাছ কৰা ঐশ্বৰ্যা ৰায়ক চলমানে লগ পাইছিল কেনেকৈ...

 11/01/2023 - 23:27
৫০বছৰতো দেখাত ২১ঃ  HSত ৯০শতাংশ নম্বৰ লৈ পাছ কৰা ঐশ্বৰ্যা ৰায়ক চলমানে লগ পাইছিল কেনেকৈ...

ডিজিটেল ডেস্কঃ মোহমীয় ঐশ্বৰ্যা ৰায়ৰ আজি ওপজা দিন। ১নৱেম্বৰত ৫০বছৰত ভৰি থলে অভিনেত্ৰীগৰাকীয়ে। ঐশ্বৰ্যা ৰায়ৰ জীৱনক লৈ বহু কথা আছে। উত্থান-পতনৰ মাজেৰে ঐশ্বৰ্যা ৰায়ে সজাই তুলিছে নিজৰ জীৱনটো। অভিনেত্ৰীগৰাকীৰ জীৱনত আটাইতকৈ প্ৰভাৱ পেলোৱা এটা প্ৰসংগ আছিল চলমানৰ সৈতে হোৱা তেওৰ প্ৰেম। এতিয়াও এই প্ৰেমক লৈ নেটিজেন তথা অনুৰাগীসকলৰ মাজত বহু চৰ্চা অব্যাহত আছে।

এই প্ৰেমৰ আভাস ‘হাম দিল দে চুকে চানম’ ছবিতো দেখা গৈছিল। এই ছবিখনত তেওঁলোকৰ অপৰিসীম মৰম অনুভৱ কৰা দুয়োৰে অনুৰাগীয়ে এই কথা জানি আচৰিত হ’ব যে ছলমান খানে ছবিখনৰ পৰা ঐশ্বৰ্য ৰায়ক আঁতৰাই নিজৰ দ্বিতীয় প্ৰাক্তনৰ সৈতে কাম কৰিব বিচাৰিছিল। কিন্তু পৰিচালকে নানান কথাৰে তেওক মান্তি কৰাইছিল।

১৯৭৩ চনৰ ১ নবেম্বৰত কৰ্ণাটকৰ মাঙ্গালোৰত এটা তুলুভাষী পৰিয়ালত ঐশ্বৰ্যাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল কৃষ্ণৰাজ, যাৰ ২০১৭ৰ ১৮ মাৰ্চত মৃত্যু হৈছিল। দেউতাক সেনাবাহিনীৰ এজন জীৱবিদ আছিল। মাক বৃন্দা এগৰাকী গৃহিণী। তেওঁৰ ককায়েক এজন নৌবাহিনীৰ অভিযন্তা। পৰিয়ালটো মাঙ্গালোৰৰ পৰা মুম্বাইলৈ গুছি আহিছিল আৰু তাতে আৰ্য বিদ্যা মন্দিৰত তেওঁ পঢ়া-শুনা কৰিছিল।

ৰায়ে জয় হিন্দ কলেজত এবছৰ ই্ণ্টাৰমিডিয়েট কৰিছিল তাৰপৰা মাটুংগাৰ ৰূপাৰেল কলেজত নাম-ভৰ্তি কৰিছিল। উচ্চতৰ মাধ্যমিকত তেওঁ ৯০% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল। কলেজত থাকোঁতে তেওঁ অলপ-চলপ মডেলিং কৰিছিল। বিভিন্ন টেলিভিচন বিজ্ঞাপনত কাম কৰাৰ পিছত তেওঁ "ফেমিনা মিচ ইণ্ডিয়া"ত অংশ গ্ৰহণ কৰে; য’ত তেওঁ দ্বিতীয় স্থান পায়। ১৯৯৪ চনত "মিচ ৱৰ্ল্ড"ৰ খিতাপ লাভ কৰে। তাৰপিছতে তেওঁলৈ বিভিন্ন চলচ্চিত্ৰৰ বাবে আমন্ত্ৰণ আহিবলৈ ধৰে।

১৯৯৭ চনত মুক্তি পোৱা মণি ৰত্নমৰ তামিল ছবি ইৰুভাৰৰ যোগেদি তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁৰ প্ৰথম হিন্দী ছবি ঔৰ প্যাৰ হো গয়াও একে বছৰতে মুক্তি পায়। তেওঁৰ প্ৰথম বাণিজ্যিক সফল ছবি তামিল ভাষাৰ জীনছ্ (১৯৯৮); যিখন সেই সময়ৰ অন্যতম ব্যয়বহুল ভাৰতীয় ছবি। তেওঁ দুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ফিল্মফেয়াৰ লাভ কৰা প্ৰথম ছবিখন হ’ল- হম দিল দে চুকে চনম (১৯৯৯) আৰু আনখন দেৱদাস (২০০২)।

তামিল ছবি কান্দুক’নাই কান্দুক’নাইত (২০০০) এগৰাকী আবেদনময়ী শিল্পীৰ চৰিত্ৰত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ আধাৰত নিৰ্মিত বঙালী ছবি চোখেৰ বালিৰ (২০০৩) বিনোদিনীৰ চৰিত্ৰত, ৰেইনকোটত (২০০৪) এগৰাকী হতাশাগ্ৰস্থ মহিলাৰ চৰিত্ৰত, ব্ৰিটিছ ড্ৰামা ছবি প্ৰ’ভোকড্ত (২০০৬) কিৰণজিৎ আহলুৱালিয়াৰ চৰিত্ৰত আৰু গুজাৰিছত (২০১০) এগৰাকী নাৰ্চৰ চৰিত্ৰত ঐশ্বৰ্যাই কৰা অভিনয়ে চলচ্চিত্ৰ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। 

তেওঁৰ ৰোমাণ্টিক ছবি মোহাব্বতে (২০০০) আৰু য়ে দিল হ্যায় মুচকিল, এডভেঞ্চাৰ ছবি ধুম ২ (২০০৬), ঐতিহাসিক ৰোমাণ্টিক ছবি গুৰু (২০০৭) আৰু জোধা আকবৰ (২০০৮) আৰু বিজ্ঞানভিত্তিক ছবি এন্থিৰান-এ (২০১০) প্ৰভুত বাণিজ্যিক সফলতা লাভ কৰিছে। ২০০৭ চনত ঐশ্বৰ্যাই অভিষেক বচ্চনক বিয়া কৰায়। দম্পত্তিহালৰ এজনী কন্যা সন্তান আছে। চলচ্চিত্ৰীয় জগতখনৰ বাহিৰত তেওঁ বহুকেইটা দাতব্য সংস্থা আৰু সামাজিক প্ৰচাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে দায়িত্ব পালন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।