শুভ ওপজা দিনঃ চেতনা দাসৰ বিষয়ে আপুনি নজনা ১৫টা কথা...

 11/04/2023 - 15:45

ডিজিটেল ডেস্কঃ  অসমবাসীৰ হৃদয়ত চেতনা দাসৰ বাবে এখন সুকীয়া আসন আছে। নাটক, চিনেমা ধাৰাবাহিকত চেতনা দাসৰ হাস্যমধুৰ অভিনয় সকলোৰে মানসপটত সদায়ে আছে আৰু থাকিব। চিৰিয়াছ চৰিত্ৰৰ পৰা কমেডি চৰিত্ৰৰ লৈকে চেতনা দাসৰ দূৰ্দান্ত অভিনয়ৰ লাখ লাখ অনুৰাগী আছে। ১৯৫৪চনত আজিৰ দিনটোতে জন্ম হৈছিল চেতনা দাস।

১. ১৯৫৪ চনৰ ৪ নৱেম্বৰত চেতনা দাসৰ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্ম হয় পিতৃৰ নাম হৈছে স্বৰ্গীয় গিৰিন্দ্ৰ কুমাৰ তালুকদাৰ আৰু তেওঁ তেজপুৰৰ দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

২. তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে শোণিত কুঁৱৰীত 'কুঁজী বুঢ়ী'ৰ চৰিত্ৰত অভিনয় কৰিছিল।
৩. ১৯৬৫ চনত "তেজপুৰ মাল্টিপাৰ্প'জ গাৰ্লছ স্কুল"ৰ হৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
৪. তেজপুৰৰ বান থিয়েটাৰত 'ভোগজৰা' নাটত অভিনয়। চন্দ্ৰধৰ গোস্বামী, নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি প্ৰসিদ্ধ ব্যক্তিৰ সৈতে 'চিৰাজ', 'চাণক্য', 'নাগৰাজ বাসুকী', 'মহীজীৱি' আদি নাটত একেলগে কাম কৰিছিল।
৫. ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নাট্য মহোৎসৱত দৰং মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল আৰু নাট্যসম্ৰাট,শোণিতগৌৰৱ প্ৰফুল্ল বৰা ৰচিত 'সিহঁত নমৰে' নাটখনৰ যোগে স্বৰ্ণপদক লাভ কৰিছিল।
৬. ১৯৭৫ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন আৰু আই.আই.ফাস্ক হলত মঞ্চস্থ হোৱা আৰু 'নাটঘৰ'ৰ দ্বাৰা নিবেদিত 'ফাটিমা বিবিৰ ঘৰ' নাটত অংশ লৈছিল।
৭. 'তেজপুৰ সঙ্গীত নাটকম্' গোষ্ঠীয়ে অসমৰ বিভিন্ন জিলাত মঞ্চস্থ কৰা নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ 'উপপথ' নাটত আইতাকৰ ভূমিকাত অভিনয় কৰিছিল।
৮. ১৯৭৫ চনৰ ৩১ অক্টোবৰত সাংস্কৃতিক সঞ্চালকালয়ৰ নাট্য শাখাত এগৰাকী নাট্য শিল্পী ৰূপে যোগদান কৰিছিল।
দূৰদৰ্শনত সম্প্ৰচাৰিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা পৰিচালিত এখন নৃত্য-নাটিকাত অংশ লৈছিল।
৯. ১৯৭৫ চনত কলকাতাৰ ৰবীন্দ্ৰ সদনত অনুষ্ঠিত অখিল ভাৰতীয় লোক-সঙ্গীত মহোত্সৱত অসমৰ অন্যান্য শিল্পীৰ সৈতে লোকগীত শাখাত অংশ লৈছিল।
১০. ১৯৭৬ চনত দিল্লীৰ শ্ৰীৰাম চেণ্টাৰত মঞ্চায়িত, অতুল বৰদলৈ আৰু দুলাল ৰয় ৰচিত 'বৃক্ষৰ খোজ' নাটত মূল চৰিত্ৰ 'বাগী'ৰ ভাওত অভিনয় কৰিছিল। উল্লেখনীয় যে বিভিন্ন মঞ্চত এই নাটখন ৫০তকৈয়ে অধিকবাৰ অভিনীত হৈছিল।
একেটা বৰ্ষতে নতুন দিল্লীৰ কলামন্দিৰত অনুষ্ঠিত অখিল ভাৰতীয় নাট্য মহোৎসৱত শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰা 'চৰকাৰী ইন্সপেক্টৰ'ত অভিনয় কৰিছিল।
১১. ১৯৮৬ চনত 'অপনা উৎসৱ'ত অংশ লৈছিল। একেটা বৰ্ষতে ৰেকিবুদ্দিন আহমেদৰ ওচৰত জিকিৰৰ আৰু নৃত্যশিল্পী নৰেন্দ্ৰ শৰ্মাৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
১২. ১৯৭৯ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তদাৰকীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা 'নাট্য কৰ্মশালা'ৰ আটাইকেইখন নাটকতে অংশ লৈছিল।
১৩. ১৯৯২ চনত দুলাল ৰয় পৰিচালিত আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু আই.আই.ফাস্ক হলত মঞ্চায়িত 'কেলিন্দা' নাটত 'চিজনিয়া'ৰ ভাওত অভিনয় কৰিছিল।
১৪. ১৯৯৫ চনত SAARC লোক-নৃত্য মহোৎসৱত এগৰাকী লোক-নৃত্য শিল্পী ৰূপে ভাগ লৈছিল।
ভুৱনেশ্বৰৰ সূৰ্য মন্দিৰত অনুষ্ঠিত কোণাৰ্ক লোক-নৃত্য মহোৎসৱত এগৰাকী লোক-নৃত্য শিল্পী ৰূপে ভাগ লৈছিল।
১৫. হিন্দী ধাৰাবাহিক "কামৰূপ কি কাহানী"ত অভিনয় কৰিছিল। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ড॰ আম্বেদকাৰ বঁটা লাভ কৰে। অসমীয়া চলচ্চিত্ৰ হিয়া দিয়া নিয়াত দেখুওৱা প্ৰদৰ্শনৰ বাবে মুনলাইট মিডিয়া স্পেছিয়েল জুৰি বঁটা লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।