মিঞা নহ'লে গুৱাহাটী সচাকৈয়ে কবৰস্থান হ'ব, এয়াই সত্যঃ আজমলক পূৰ্ণ সমৰ্থন হিমন্ত বিশ্ব শৰ্মাৰ...

 11/04/2023 - 17:04

ডিজিটেল ডেস্কঃ এইবাৰ বদৰুদ্দিন আজমলক পূৰ্ণ সমৰ্থন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মিঞা নহলে গুৱাহাটী কবৰস্থান হব বুলি আজমলে কৰা মন্তব্যক পূৰ্ণ সমৰ্থন কৰি মুখ্যমন্ত্ৰীয়ে কয়- আজমলে যি কৈছে সঁচাই কৈছে, দুখজনকভাৱে এয়াই সত্য কথা।

মুখ্যমন্ত্ৰীয়ে লগতে এই প্ৰসংগত কয়- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘গুৱাহাটীৰ বজাৰ-সমাৰৰ ১০জনৰ ৭জনেই পমুৱা মুছলমান। আজমলে যি কৈছে সঁচা কৈছে, আজমলৰ কথাৰ পৰা অসমীয়া যুৱক-যুৱতীয়ে শিকিব লাগে। মেইন ৰাস্তাত বহি দিলে কৰ্ম সংস্কৃতি নহয়। গুৱাহাটীত দৈনিক ২ লাখ গাড়ী চলে, এই চালকসকল কোন খবৰ কৰক। অসমীয়া মানুহৰ কৰ্মসংস্কৃতিৰ বিকল্প নাই।’’

ইফালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় - ঈদৰ কেইদিন গুৱাহাটী খালী হৈ থাকে। মেডিকেল কলেজতো আজি-কালি ভাল নলগা হ’ল। ১৫শ ৰ ৮০০ আসনো আমাৰ ল’ৰা-ছোৱালীয়ে নাপায়। যোৰহাটৰ মেডিকেলত যোৰহাটৰ ল’ৰাই সুবিধা ল’ব পৰা নাই। গুৱাহাটীৰ মেডিকেলত গুৱাহাটীৰ ল’ৰাই সুবিধা ল’ব পৰা নাই। ধুবুৰী, বৰপেটাত তেঁওলোকৰ মানুহ সোমাইছে সোমাওক, কিন্তু তেজপুৰ, যোৰহাটত জিলাখনৰ ল’ৰাই পাব লাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।