বিধিয়ে দিলেও বিধাতাই নিদিয়েঃ হস্পাতালৰ বিচনাত পৰি মাৰ্ক জুকাৰবাৰ্গে টুকিছে চকুলো!

 11/04/2023 - 17:42
বিধিয়ে দিলেও বিধাতাই নিদিয়েঃ হস্পাতালৰ বিচনাত পৰি মাৰ্ক জুকাৰবাৰ্গে টুকিছে চকুলো!

ডিজিটেল ডেস্কঃ আধাতে মৰহিল ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সপোন। ২০২৪ৰ আৰম্ভণিতে এম এম এৰ বক্সিং প্ৰতিযোগিতাত অংশ লোৱাৰ সপোন পুহি ৰখা জুকাৰৰ্বাগ এতিয়া হস্পাতালৰ বিচনাত। ভৰিৰ এৰ অস্ত্ৰোপচাৰ কৰি কিছুদিন এতিয়া হস্পাতালৰ বিচনাতে কটাব লাগিব ফেচবুকৰ মালিকগৰাকী।

উল্লেখ কৰা প্ৰয়োজন যে, মাৰ্ক জুকাৰবাৰ্গ এগৰাকী কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী হোৱাৰ লগতে এগৰাকী ব্লেক বেল্ট টাইকোৱানডো খেলুৱৈও। সেয়েহে ২০২৪ৰ আৰম্ভণিতে হব লগা এখনি প্ৰতিযোগিতাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাই থকাৰ সময়তে এই দুৰ্যোগ নামি আহে। সেয়েহে হলেও মনোবল হেৰুওৱা নাই জুকাৰবাৰ্গে। সুস্থ হোৱাৰ পাছত পুনৰ ন উদ্যমেৰে এনে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাম বুলি উল্লেখ কৰি ছচিয়েল মিডিয়াত তেও লিখিছে এনেদৰে- 

Tore my ACL sparring and just got out of surgery to replace it. Grateful for the doctors and team taking care of me. I was training for a competitive MMA fight early next year, but now that's delayed a bit. Still looking forward to it after I recover. Thanks to everyone for the love and support.

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।