ৰাণীক দিয়া থোৱা এটা প্ৰতিশ্ৰুতিঃ দেখাতেই নহয়, ভূটানৰ ৰজাৰ চৰিত্ৰও সুন্দৰ...

 11/05/2023 - 00:11
দেখাতেই নহয়, ভূটানৰ ৰজাৰ চৰিত্ৰও সুন্দৰ..

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত আছেহি ভূটানৰ ৰজা জিগমে খেৰচে নামগ্যাল ৱাংচুক। দেখাত অতিকৈ সুঠাম আৰু সুন্দৰ চেহেৰাৰ গৰাকী ভূটানৰ ৰজা এটা সুন্দৰ মনৰ অধিকাৰীও। ভূটানৰ ৰজা আৰু তেওঁৰ ৰাণীৰ মাজত প্ৰেম কাহিনী শুনিলে আপুনিও ৰোমাঞ্চিত হৈ পৰিব। এটি সন্তানৰ পিতৃ-মাতৃ ভূটানৰ ৰজা-ৰাণীৰ প্ৰেম কাহিনীৰ কিছু কথা জানো আহকচোন। 

ভূটানৰ ৰাণীৰ নাম হৈছে জেটচন প্ৰেমা।  কোনো ৰাজকীয় পৰিয়ালৰ অন্তভূক্ত নহয় জেটচন প্ৰেমাৰ পৰিয়াল। তথাপিও ভূটানৰ ৰজাৰ সৈতে বৰ কম বয়সতে প্ৰেমত পৰিছিল জেটচন প্ৰেমা। সেই প্ৰেমৰ সম্পৰ্ককে এটা নাম দি ২০১১চনত মাত্ৰ ২০বছৰ বয়সত জেটচন প্ৰেমাৰ বিয়া হৈছিল ৰজা জিগমে খেৰচে নামগ্যাল ৱাংচুকৰ সৈতে।

ৰজাৰ সৈতে প্ৰায় ১০বছৰ বয়সৰ ব্যৱধান ৰাণী জেটচন প্ৰেমাৰ সৈতে। তথাপিও দুয়োৰে মাজত আছে প্ৰচণ্ড বুজাবুজি। এগৰাকী ৰাণী হিচাপে জেটচন প্ৰেমাৰ কেনেকুৱা এই কথা এটা সাক্ষাতকাৰত কৈছিল ৰজা জিগমে খেৰচে নামগ্যাল ৱাংচুকে। ৰাণী জেটচন প্ৰেমা দয়ালু স্বভাৱৰ লগতে নিকা মনৰ গৰাকী বুলি তেওঁ উল্লেখ কৰিছিল। লগতে ৰাণী হয় যদিও, এগৰাকী সাধাৰণ নাৰী হিচাপে জীৱন নিৰ্বাহ কৰাটো তেওঁ কামনা কৰে বুলি ৰজাই সাক্ষাতকাৰটোত কৈছিল।

১৯৯০চনত জন্ম হোৱা ৰাণী জেটচন প্ৰেমা বহু বছৰ ভাৰততে পঢ়াশুনা কৰিছিল। ৰজাই যেতিয়া জেটচন প্ৰেমাৰ নাম বিয়াৰ বাবে ৰাজহুৱা কৰিছিল তেতিয়া সকলো আচৰিত হৈছিল। ভাৰতৰ লগতে লণ্ডনতো উচ্চশিক্ষা গ্ৰহণ কৰা জেটচন প্ৰেমা পশ্চিমবংগ আৰু হিমাচল প্ৰদেশতো শিক্ষাগ্ৰহণ কৰিছিল।

সকলোৱে হয়তো নাজানে যে, ভূটান বহুবিবাহৰ ক্ষেত্ৰত কোনো বাধা নাই। কোনোৱে বহু বিবাহ কৰিলেও তেওঁৰ ওপৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। গতিকে ৰজাইও ইচ্ছা কৰিলেই অইনক বিয়া কৰাব পাৰে। কিন্তু জানি আচৰিত হ'ব যে, ৰাণীক বিয়া কৰোৱাই দিনাই ৰজাই আৰু বিবাহ নকৰাও বুলি শপত খাইছিল। গতিকে নিকা ব্যক্তিত্বৰ গৰাকী ভূটানৰ ৰজা মনৰ পৰাও অতিকৈ সুন্দৰ এগৰাকী পুৰুষ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।