FAKE NEWS! উৰ্ফি জাবেদক পুলিচে গ্ৰেপ্তাৰ কৰা নাই...

 11/05/2023 - 00:55
FAKE NEWS! উৰ্ফি জাবেদক পুলিচে গ্ৰেপ্তাৰ কৰা নাই...

ডিজিটেল ডেস্কঃ সাংবাদ প্ৰতিষ্ঠানটোৱে কৰা অনুসন্ধানত পোহৰলৈ আহিছে যে, মহিলা আৰক্ষীয়ে উৰ্ফি জাবেদক গ্ৰেপ্তাৰ কৰি লৈ যোৱা উক্ত বাহনখন মুম্বাই আৰক্ষীৰ নহয়। ‘MH 02 BM 2448’ নম্বৰৰ এই বাহনখন প্ৰায় ১৪বছৰ পুৰণি। এই পুৰণি বাহনখন মুম্বাই আৰক্ষীয়ে ব্যৱহাৰ কৰি থকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বুলি স্পষ্ট কৰি দিছে মুম্বাই আৰক্ষীৰ উৰ্ধতম বিষয়াই।

ইফালে গাড়ীখনৰ পিছফালে লাগি থকা POLICE নামৰ ষ্টিকাৰটোও আঁচল পুলিচৰ নহয় বুলি মুম্বাই আৰক্ষীয়ে স্পষ্ট কৰি দিছে। ইয়াৰোপৰি মুম্বাই আৰক্ষীয়ে উৰ্ফি জাবেদ নামৰ কাকোৱেই গ্ৰেপ্তাৰ কৰা নাই বুলি সদৰি কৰিছে। এতিয়া প্ৰশ্ন হয়, উৰ্ফি জাবেদক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই যদি ভিডিঅটোত আচলতে কি আছিল! 

মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভতো শংকা প্ৰকাশ কৰি কয় যে, এনে বাহন সাধাৰণতে ক্ৰাইম বাঞ্চে কেতিয়াবা ব্যৱহাৰ কৰে। যদিহে তেনে কোনো হৈছে সেয়া মুম্বাই আৰক্ষীয়ে গম নাপায়। কিন্তু আৰক্ষীয়ে শংকা প্ৰকাশ কৰিছে যে, ভাইৰেল হবলৈ বিভিন্ন পথ বাচি লোৱা উৰ্ফিয়ে পুনৰ চৰ্চালৈ আহিবলৈও এনে ভিডিঅ নিজে প্ৰস্তুত কৰি এনে কাম কৰিব পাৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।