06/18/2019 - 15:41
in
ডিজিটেল ডেস্ক: আজি ৪১ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকে ৰূপায়ন কৰিব প্ৰতিবাদ। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকক ড্ৰাইভাৰৰ লগতে তুলনা কৰা মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলত আজি অচল হৈ পৰিব ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান। প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকসকলে সাব্যস্ত কৰিব প্ৰতিবাদ। তীৰ্যক মন্তব্যৰ বাবে শিক্ষামন্ত্ৰীক ক্ষমা খোজাৰ দাবীৰ লগতে ঠিকাভিত্তিক টেট শিক্ষকসকলৰ দাবী তেওঁলোকৰ চাকৰি নিয়মীয়া নকৰালৈকে নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব।
দাবী মানি নল'লে ২৯ জুনত পুনৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে টেট শিক্ষকসকলে।