ট্ৰ'ল কৰা সকলক একো নকৰে যতীন বৰাই...

 11/09/2023 - 19:35
ট্ৰ'ল কৰা সকলক একো নকৰে যতীন বৰাই...

ডিজিটেল ডেস্কঃ বিৰ্তকই লগ নেৰা হৈছে অভিনেতা যতীন বৰা আৰু তেওৰ ছবি ৰাঘৱক। শেহতীয়াকৈ ৰাঘৱৰ বিৰুদ্ধে বেয়াকৈ কোৱা বা ট্ৰল কৰাসকলৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ দিয়া বুলি বিয়পি পৰাৰ পাছতে সামাজিক মাধ্যমত এই বিষয়টোক লৈ স্পষ্টীকৰণ দিলে যতীন বৰাই। ফেচবুকত যতীন বৰাই লিখিছে- 

সমূহ অসমবাসী ৰাইজক শ্ৰদ্ধা জনাই  মই যতীন বৰাই জনাব বিচাৰোঁ যে আপোনালোকে পোৱা খৱৰ অনুসৰি কোনো ব্যক্তি বিশেষৰ বিপৰীতে বা ট্ৰ’ল কৰাৰ বাবে ক্ৰাইম বাঞ্চত গোচৰ দিয়া হোৱা নাই৷ চিন্তনীয় বিষয় এইয়াই যে ৰাঘৱৰ অৰ্থনৈতিক ক্ষতিৰ বাবেই হওক বা মোক হেয় প্ৰতিপন্ন কৰিবৰ বাবেই হওক  বিগত সময়ত মোৰ ফটো নাইবা ভিডিঅ edit কৰি বিকৃত কৰাৰ লগতে দুদিনমানৰ আগতে এটা social media platformত এক দুষ্ট চক্ৰই গ্ৰুপ খুলিছে আৰু আহ্বান জনাই লিখিছে যে ৰাঘৱ চাবলৈ যিসকল ইচ্ছুক তেওঁলোকে এই group ত join হওক ৷

যিটো আমাৰ ছবিজগতৰ বাবে ক্ষতিকাৰক৷এই ঘটনাবোৰ আগতেও সংঘটিত হৈ আহিছে যদিও অসমীয়া ছবি উদ্যোগটোৰ কথা চিন্তা কৰি সেই দুষ্ট চক্ৰৰ ইচ্ছাকৃত এনে edited photo , video আৰু অপপ্ৰচাৰৰ আহ্বানৰ কাৰণ জনাটো আমাৰ দৰকাৰ বুলি অনুভৱ কৰোঁ৷ আৰু তাৰ বিচাৰ হোৱাটো কামনা কৰোঁ৷ আনফালে ৰাঘৱ চিনেমাখন এতিয়াও হলত চলি আছে আৰু দৰ্শকে চোৱাৰ পিছত মনৰ ভাৱখিনিও জনাইছে৷ এই সময়ত এনে photo,video আৰু Group বনাই link share কৰা ঘটনাটো শুভলক্ষণ নহয় বুলি চিন্তা কৰি আৰক্ষীক অৱগত কৰিছিলোঁ৷ কিন্তু কোনো ব্যক্তি বিশেষৰ নাম তেওঁলোকক দিয়া হোৱা নাই নাইবা ট্ৰ’ল কৰাৰ প্ৰসংগও অহা নাই বুলি  আপোনালোকক অৱগত কৰিলোঁ৷ আপোনালোকৰ সকলো প্ৰকাৰৰ দিহাপৰামৰ্শ মোৰ বাবে কাম্য 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।