বাৰম্বাৰ একেটা ভুলকে কৰি থাকিলে, জুবিন বিচনাত নপৰিব কিয়?

 11/13/2023 - 21:53

ডিজিটেল ডেস্কঃ অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ সুস্থ হৈ ঘৰলৈ উভতিল। চিকিতসকে জুবিনক ১৫দিনৰ সম্পূৰ্ণ জিৰণি লবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া কথা হল, সুস্থ হৈ ধুনীয়াকৈ কাম-বন কৰি থকা জুবিন গাৰ্গ হঠাতে কিয় বেমাৰত পৰে। ইয়াৰ আঁৰত আছে জুবিনে কৰা বিশেষ কেইটামান ভুল। তাৰে ভিতৰত দুটা মূলত ভুল হৈছে- সময়মতে নোখোৱা আৰু সময়মতে নুশুৱা।

গতানুগতিকভাৱেই জুবিন গাৰ্গ অতি ব্যস্ত এগৰাকী শিল্পী। শেহতীয়াকৈ দুখন চিনেমাৰ লগতে দিন-ৰাতি একাকাৰ কৰি বহু গানৰ কাম কৰিল আছে জুবিন গাৰ্গে। কামৰ ব্যস্ততাৰ মাজতে জুবিনে পাহৰি যায় জিৰণিৰ কথা। যাৰ বাবে হঠাতে বেমাৰত পৰে জুবিন। ইয়াৰ পূৰ্বেও জুবিন চিকিতসাধীন হওতে ডাক্তৰে জুবিনে জিৰণি নোলোৱা আৰু সময়মতে খাদ্য গ্ৰহণ নকৰাৰ কথাটো সকিয়াই দিছিল।

কিন্তু চিকিতসকৰ বাৰম্বাৰ সকিয়নীৰ পাছতো সেই একেটা ভুলকে পুণৰাবৃত্তি কৰি আছে জুবিনে। যাৰ বাবে সেই ফল ভোগ কৰিছে শিল্পীগৰাকীয়ে। এইবাৰো জুবিনে নিজেই তেওঁৰ অসুস্থতাৰ কাৰন সময়মতে নোখোৱা আৰু সময়মতে নুশুৱা বুলি উল্লেখ কৰিছে। এই ভুলৰ শুধৰণি নকৰিলে জুবিন গাৰ্গৰ স্বাস্থ্য যে টনকিয়াল নহব সেয়া ধুৰূপ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।