চিনেমাত কাম নকৰিলেও এতিয়াও কেটৰীণা, দীপিকা, কৰিণাতকৈ বেছি টকা ঘটি আছে জুহি চাওলাই...

 11/13/2023 - 22:12

ডিজিটেল ডেস্কঃ এটা সময়ত সকলোৰে পকেটে পকেটে আছিল তেওঁৰ ফটো। এটা সময়ত প্ৰায় সংখ্যক ডেকাই সপোনত দেখিছিল তেওঁৰ হৰিণা নয়নৰ সপোনৰ। তেৱেই হৈছে মোহময়ী তথা চিৰসেউজ অভিনেত্ৰী জুহি চাওলা। বিগত প্ৰায় ১টা দশক ধৰি জুহি চাওলাই বিশেষ গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰা নাই বুলিয়ে কব পাৰি। বিয়াৰ পিছতে বলিউদৰ সৈতে কিছু দুৰত্ব বজাই ৰাখিছে জুহি চাওলাই। কিন্তু আগৰ দৰে চিনেমাত কাম নকৰিলেও জুহি চাওলাই কোটি কোটি টকা উপাৰ্জন কৰি আছে। এতিয়া প্ৰশ্ন উঠিব পাৰে, কেনেকৈ!

স্বামী জয় মেহতা আৰু তাৰকা অভিনেতা শ্বাহৰুখ খানৰ লগত লগ হৈ জুহিয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতা নাইট ৰাইডাৰ্ছ নামৰ দলটোৰ অংশীদাৰিত্ব ক্ৰয় কৰে। একপ্ৰকাৰে কব পাৰি যে, আই পি এলৰ এই দলটোৰ মালিক জুহি চাওলা। শ্বাহৰুখ খানৰ সৈতে মিলি তেখেতে "ড্ৰিমছ আনলিমিটেড" নামৰ প্ৰযোজনা গোষ্ঠীটোও আৰম্ভণি কৰিছে৷ তেওঁলোকে এতিয়ালৈকে তিনিখন ছবি প্ৰযোজনা কৰিছে৷ এনেকৈয়ে বিভিন্ন ব্যৱসায়ৰ জৰিয়তে জুহিয়ে চিনেমাত কাম নকৰিলেও কোটি কোটি টকা উপাৰ্জন কৰি আছে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০০৫ চনত জুহি চাওলাই স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰা কলাত্মক ছবিৰ অভিনয়ত গুৰুত্ব দিয়ে৷ ঝংকাৰ বিটছ (২০০৩), তিন দিৱাৰে (২০০৩), মাই ব্ৰাডাৰ নিখিল (২০০৫), গোলাব গেং (২০১৪) তাৰে মাজৰ কেইখনমান৷ ইয়াৰ উপৰি জুহিয়ে পাঞ্জাৱী ভাষাৰ একাধিক ছবিতো অভিনয় কৰে৷ তাৰে ভিতৰত শ্বহীদ উধাম সিং (২০০০) নামৰ আত্মজীৱনীমূলক ছবিখন অন্যতম৷

১৯৮৪ চনত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰি জুহি চাওলাই আশীৰ দশকৰ শেষৰফালে হিন্দী ছবিজগতৰ এগৰাকী প্ৰতিষ্ঠিত তাৰকা হিচাপে স্ব-প্ৰতিষ্ঠিত হয়৷ কমিক-টাইমিং আৰু প্ৰাণোচ্চল চিনেমেটিক উপস্থিতিৰ বাবে জনাজাত জুহি চাওলাই এঘাৰটা ফিল্মফেয়াৰ মনোনয়ন লাভ কৰিছে আৰু দুটাকৈ ফিল্মফেয়াৰ জয় কৰিছে।

১৯৮৬ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি "ছুলটানত"ৰ জৰিয়তে চাওলাই হিন্দী ছবিৰ জগতত পদাৰ্পণ কৰে৷ তাৰ ঠিক দুবছৰৰ পাছতেই জুহী চাওলাই অভিনয় কৰা উল্লেখযোগ্য ছবি কয়ামট সে কয়ামট টক মুক্তি হয়৷ এইখন ছবি জুহি চাওলাৰ বাবে গুৰুত্বপূৰ্ণ টাৰ্ণি পইণ্ট হিচাপে বিবেচিত হয়৷ ছবিখনৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ সন্মান লাভ কৰে৷ 

পৰৱৰ্তী সময়ত জুহিয়ে লুটেৰে (১৯৯৩), আইনা (১৯৯৩), ডৰ (১৯৯৩), হাম হ্যেয় ৰাহী প্যাৰ কে (১৯৯৩) আদিৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ হাম হ্যে ৰাহী প্যাৰ কেৰ জৰিয়তে জুহিয়ে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ ইয়েছ বছ, মিষ্টাৰ এণ্ড মিছেছ খিলাড়ী, ইশ্বক জুহি চাওলাই অভিনয় কৰা আন দুখনমান উল্লেখনীয় ছবি৷

এই জুহি চাওলাৰে আজি ওপজা দিন। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।