জামিন লৈ আহি খেলিছে বিশ্বকাপ! চাৰিওফালে যুঁজ দিছে ছামীয়ে...

 11/16/2023 - 14:14

ডিজিটেল ডেস্কঃ  বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই। বুধবাৰে অনুষ্ঠিত হোৱা হাইভল্টেছ চেমি ফাইনেলত মহম্মদ ছামীৰ দুৰ্দান্ত বলিং পৰাক্ৰমত তচনচ হ'ল কিৱি বাহিনীৰ বেটিং ফৰমেট। ইয়াৰ লগে লগে যৱনিকা পৰিল নিউজিলেণ্ডৰ এইবাৰৰ বিশ্বকাপৰ যাত্ৰা। বুধবাৰৰ চেমি ফাইনেল মেচখনত নিশ্চিতভাৱে নায়কৰ ভূমিকা পালন কৰিলে ভাৰতৰ বেগী বলাৰ মহম্মদ ছামীয়ে। বিশ্বকাপৰ পূৰ্বে বহু কেইখন গুৰুত্বপূৰ্ণ মেচত বঞ্চিত হৈ থকা ছামীয়ে দেখুৱালে নিজৰ বলিং পৰাক্ৰম। হাৰ্দিক পাণ্ডিয়াৰ আঘাতৰ বাবে এইবাৰৰ টীম ইণ্ডিয়াত স্থান পাবলৈ সক্ষম হৈছিল মহম্মদ ছামী। এতিয়া বহুতেই কৈছে পাণ্ডিয়াৰ আঘাতেই ভাৰতৰ বাবে আৰ্শীবাদ হল।

বহু মানসিক চাপৰ মাজতে মহম্মদ ছামীয়ে এইবাৰৰ বিশ্বকাপত আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰিছে। চলিত বিশ্বকাপত সৰ্বাধিক উইকেট অৰ্জন কৰা বলাৰৰো খিতাপ অৰ্জন কৰিছে মহম্মদ স্বামীয়ে। কিন্তু সকলোৱে হয়তো নাজানে যে বিশ্বকাপৰ পূৰ্বে ছামী এক গোচৰত জামিন লৈহে মেচ খেলিবলৈ আহিছিল। দৰাচলতে ২০১৮ চনৰ ৮ মার্চতে আইনী মেৰপেঁচত সোমাই পৰিছিল ভাৰতৰ নিৰ্ভৰযোগ্য ফাষ্ট বলাৰ মহম্মদ ছামি। সেইদিনাই ছামিৰ বিৰুদ্ধে পত্নী হাচিন জাহানে কলকাতাৰ যাদবপুৰ থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰত ছামিৰ ককায়েকৰ বিৰুদ্ধেও হাচিনে উত্থাপন কৰিছিল অভিযোগ। বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ২০১৯ চনৰ ২৯ আগষ্টত আলিপুৰ ACJM আদালতে ছামিৰ বিৰুদ্ধে জাৰি কৰিছিল গ্ৰেপ্তাৰী পৰোৱানা। সেই বছৰৰে ৯ ছেপ্তেম্বৰত গ্ৰেপ্তাৰী পৰোৱানাত স্থগিতাদেশ জাৰি কৰিলে আলিপুৰৰ আন এক আদালতে।

তেনেদৰেই ৪ বছৰ আদালতত ওলমি থাকিল মহম্মদ ছামিৰ বিৰুদ্ধে পত্নী হাছিন জাহানে তৰা নিৰ্যাতনৰ গোচৰ। জিলা আদালতৰ পৰা সুবিচাৰৰ আশা নেদেখি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল হাছিন জাহান। কলকাতা উচ্চ ন্যায়ালয়ৰ পৰাও ন্যায় পোৱা আশা নেদেখি হাছিন জাহান কাষ চাপিল দেশৰ উচ্চতম ন্যায়ালয়ৰ। অৱশেষত বাদি-বিবাদি দুয়ো পক্ষৰ বক্তব্য শুনি এমাহৰ ভিতৰত গোচৰ নিষ্পত্তিৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। সেই অনুসাৰে জুলাইৰ দ্বিতীয় সপ্তাহত আলিপুৰ জিলা আদালতত শুনানি হ’ল গোচৰৰ। সেই শুনানি কালত মহম্মদ ছামিক সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল বিচাৰকে।

পত্নীয়ে গোচৰ তৰাৰ চাৰে ৫ বছৰৰ পাছত প্ৰথমবাৰলৈ ১৮ ছেপ্তেম্বৰত আদালতত হাজিৰ হৈছিল টীম ইণ্ডিয়াৰ অন্যতম বেগী বলাৰ মহম্মদ ছামি। ককায়েক মহম্মদ হাচিমৰ সৈতে আদালতত উপস্থিত হৈ জামিনৰ বাবে আৱেদন কৰিলে ছামিয়ে। দুয়োখন আৱেদন মঞ্জুৰ কৰি বিচাৰকে ককায়েকৰ সৈতে জামিন দিলে ছামিৰ। অৱশেষত দুহেজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন লৈ বিশ্বকাপৰ বাবে ৰাওনা হৈছিল ছামি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।