বাংলাদেশত উদ্ধাৰ অসমৰ মহিলা

 06/18/2019 - 16:09

ডিজিটেল ডেস্ক: বাংলাদেশত উদ্ধাৰ অসমৰ মহিলা। চাৰিবছৰ পূৰ্বে সন্ধানহীন হৈছিল ৰূপালী বাইলুং নামৰ ৪১ বছৰীয়া এগৰাকী মহিলা। মানসিকভাবে বিকাৰগ্ৰস্ত ৰূপালী বাইলুং ২০১৫ চনৰ ধেমাজি জিলাৰ ছিচ্ছি বৰগাঁও অঞ্চলৰ পৰা সন্ধানহীন হৈছিল। আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰিব নোৱাৰি মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধান নাপাই মৃত্যু হোৱা বুলি চাৰি বছৰ আগতেই শেষকৃত্য সম্পন্ন কৰিছিল বুলি মহিলাগৰাকীৰ ভাতৃ যুগল বাইলুঙে জানিবলৈ দিয়ে।

বৰ্তমান বাংলাদেশত মহিলাগৰাকীৰ সন্ধান পাইছে পৰিয়ালৰ লোকে। অবিবাহিত মহিলাগৰাকীক অসম চৰকাৰ তথা বৈদেশিক মন্ত্ৰণালয়ে ঘূৰাই অনাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।